Tuesday 28 February 2017

প্ৰাৰ্থনাৰ বিষয়ে : দানিয়েল ৯-১০ অধ্যায়ৰ আধাৰত

প্ৰাৰ্থনাৰ বিষয়ে : দানিয়েল ৯-১০ অধ্যায়ৰ আধাৰত
(ৰেণ্ডী এলকম)


১) প্ৰথমতে শাস্ত্ৰ অধ্যয়ন কৰি নিজকে প্ৰাৰ্থনাৰ বাবে সাজু কৰক৷ (৯:২)

২) কি বিষয়ে বা কি দিশত প্ৰাৰ্থনা কৰিব সেই বিষয়ে শাস্ত্ৰই দিয়া নিৰ্দেশনা মানক৷ (৯:৩)

৩) এজন পৰম পৱিত্ৰ ঈশ=ভৰৰ আগত আপোনাৰ অযোগ্যতা মানি লৈ অতি নম্ৰতাৰে প্ৰাৰ্থনা কৰক৷ (৯:৩)

৪) ঈশ্বৰৰ গুণ, তেওঁৰ মহানতা আৰু বিশ্বস্ততাৰ বাবে তেওঁক প্ৰশংসা কৰি প্ৰাৰ্থনা আৰম্ভ কৰক৷ ঈশ্বৰৰ গুণেই আপোনাৰ প্ৰাৰ্থনাৰ কেন্দ্ৰবিন্দু হওক৷ (৯:৪)

৫)সকলো দায়িত্ব নিজৰ ওপৰত লৈ আপোনাৰ পাপ স্বীকাৰ কৰক৷ কোনো ধৰণৰ অজুহাতেৰে পাপক পাপ নহয় বুলি দেখুৱাবলৈ বা নিজৰ কোনো দোষ নথকা বুলি দেখুৱাবলৈ চেষ্টা নকৰিব৷ (৯:৫-৬)

৬)ঈশ্বৰৰ অপূৰ্ব অনুগ্ৰহ আৰু্ আপোনাৰ গভীৰ কৃতজ্ঞতা আপোনাৰ প্ৰাৰ্থনাৰ মাজেৰে প্ৰবাহিত হৈ থাকিবলৈ দিয়ক --- আপোনাৰ কি প্ৰাপ্য তাক নুখুজি, আপুনি পোৱাৰ যোগ্য নোহোৱা স্বত্বেও আপুনি ঈশ্বৰৰ পৰা পাই থকা সকলো মহান আশীৰ্বাদৰ বাবে তেওঁৰ ধন্যবাদ জনাই থাকক৷ (৯:৭-১১)

৭) কিবা এটা অনুৰোধ জনোৱাৰ আগতে ঈশ্বৰৰ যোগ্যতা আৰু আপোনাৰ অযোগ্যতাৰ কথা বাৰে বাৰে মনত পেলাওঁক- আপুনি কোন আৰু কাৰ আগত প্ৰাৰ্থনা জনাইছে সেই কথা নাপাহৰিব৷ (৯: ১১-১২)

৮)পাপ, তাৰ প্ৰতিফল, অথবা জীৱনৰ কঠিন পৰীক্ষাৰ বাবে কেতিয়াও ঈশ্বৰক দোষাৰোপ নকৰিব৷ (৯: ১২-১৪)

৯) অতীতত ঈশ্বৰে দেখুউৱা বিশ্বস্ততাৰ আধাৰতেই অনুৰোধ কৰক৷ শাস্ত্ৰ আৰু ইতিহাসত উল্লেখিত আৰু আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত ঘটিত সেই ইশ্বৰৰ সেই মহৎ কাৰ্যবোৰ মনত পেলাওক, আওৰাওক৷ (৯:১৫-১৬)

১০) ঈশ্বৰৰ বাবেই, তেওঁৰ গৌৰৱ, মহিমা আৰু মান-মৰ্যদাৰ বাবেই প্ৰাৰ্থনা কৰক আৰু আপোনাৰ গোৰৱৰ বাবে নহয় কিন্তু তেওঁৰ গৌৰৱৰ বাবেহে সকলো বুলি মনত পেলাওঁক৷ (৯:১৭-১৯)

১১) আপোনাৰ আৰু আনৰ অযোগ্যতা স্বত্বেও ঈশ্বৰে কৰা অনুগ্ৰহৰ কথা মনত পেলাই, সেই ভাবনাৰে পৰিপূৰ্ণ অন্তৰেৰে প্ৰাৰ্থনা কৰক৷ (৯:১৮)

১২) যেতিয়া আমি দানিয়েলৰ দৃষ্টি আৰু মনোভাৱেৰে প্ৰাৰ্থনা কৰোঁ তেতিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে আৰু সঁহাৰি জনাবলৈ ধৰে আনকি আমি সেই ফলবোৰ চকুৰে দেখিবলৈ নাপালেও৷ (৯:২১-২৩)

১৩) নম্ৰ মনোভাৱেৰে কৰা বাইবেল-সন্মত আৰু ঈশ্বৰ কেন্দ্ৰিক প্ৰাৰ্থনাৰ সঁহাৰি স্বৰূপে ঈশ্বৰে স্বৰ্গদূতক বিশেষ কাৰ্যত নিয়োগ কৰে৷ (১০:১২)

১৪) প্ৰাৰ্থনাই সৎ স্বৰ্গদূতক সক্ৰিয় কৰে আৰু তেওঁবিলাক পতিত দূতৰ বিৰুদ্ধে যুঁজত লিপ্ত হয়৷ প্ৰাৰ্থনাৰ উত্তৰ পোৱাৰ কাল বা সময় এই যুঁজ-বাগৰৰ ওপৰত নিৰ্ভৰ কৰে৷ (১০:১৩-১৪, ২০-২১)

সামৰণিত:
  • প্ৰাৰ্থনা নিষ্ক্ৰিয় নহয়, সক্ৰিয়৷ ই কিবা এটা কৰাক বুজায়৷ প্ৰাৰ্থনা আমি কৰা ন্যুনতমটো নহয়, আমি কৰিবপৰা সৰ্বোচ্চ কাৰ্যটোহে৷
  • প্ৰাৰ্থনা পাৰলৌকিক৷ দৃশ্য জগতৰ পৰা অদৃশ্য জগতলৈ হাত মেলা আৰু সেই জগতৰ পৰা শক্তি আহৰণ কৰা কাৰ্য৷ (প্ৰাৰ্থনাত অশুচি আত্মাৰ সৈতে যুঁজ হয় আৰু সেই যুঁজত জয়ী হ'বলৈ সৎ স্বৰ্গদূতক ই সহায় কৰে৷) (ইফিচীয়া ৬:১২)
  • প্ৰাৰ্থনা গৌণ নহয়, ই সদায় মুখ্য স্থানত থাকিব লাগে৷ সকলো উপায় শেষ হ'লে ল'বলগীয়া ই শেষ উপায় নহয় কিন্তু প্ৰাৰ্থনা হৈছে আমি অৱলম্বন কৰিবলগীয়া সৰ্ব প্ৰথম তথা সৰ্ব-শ্ৰেষ্ঠ উপায়৷ প্ৰাৰ্থনাই সেই মুখ্য কাৰ্য যিয়ে আন আন কামবোৰ ফলৱতী কৰে৷ (ইফিচীয়া ৬:১৩, ১৭, ১৮-২০)
  • ঈশ্বৰে প্ৰাৰ্থনাৰ যোগেৰে সম্পন্ন কৰা অতি আচৰিত কাৰ্যবোৰ হয়তো এতিয়া আমাৰ দৃষ্টিৰ অগোচৰ হৈ আছে৷ (হয়তোআমি দেখা কাৰ্যবোৰ ঈশ্বৰৰ সকলোতকৈ মহৎ কাৰ্য নহয়)
  • এতিয়া আমি বিশ্বাসেৰে প্ৰাৰ্থনা কৰোঁ, আমাৰ প্ৰাৰ্থনাই অনন্তকলীয়া প্ৰভাৱ পেলাই থাকে বুলি বিশ্বাস কৰি আৰু সেইবোৰ স্বৰ্গত দেখা পাম বুলি আশা কৰি৷ তেতিয়া আমি ঈশ্বৰে দিয়া অতি মহৎ উত্তৰবোৰ দেখি নিশ্চয় অতি আচৰিত হ'ম৷
  • প্ৰাৰ্থনাতকৈ মহৎ আৰু প্ৰভাৱশালী পৰিচৰ্যা আৰু একো নাই৷
  • মই থিয় দি থকাতকৈ মই আঁঠু কাঢ়িলেহে ঈশ্বৰে অধিক পৰাক্ৰমী কাৰ্য সম্পাদন কৰা বুলি বিশ্বাস কৰি কৰা কাৰ্যই প্ৰাৰ্থনা৷